-->

Assamese literature : LP/UP TET Preparation

Assamese Literature : অসমীয়া সাহিত্য

অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম

প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচয়িতা : যতীন্দ্ৰনাথ দুৱৰা।

প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা : লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰথম অসমীয়া ছপা পুথি : ‘ধৰ্ম পুস্তক’ (১৮১৩), আত্মাৰাম শৰ্মা।

প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী : ‘বিলাতৰ চিঠি’ (১৯৩৯), জ্ঞানদাভিৰাম বৰুৱা।

প্ৰথম অসমীয়া ছনেট : ‘প্ৰিয়তমাৰ চিঠি’, হেমচন্দ্ৰ গোস্বামী।

প্ৰথম অসমীয়া ছনেট পুথি : ‘মালচ’ (১৯১৮), হিতেশ্বৰ বৰবৰুৱা।

প্ৰথম অসমীয়া গদ্য লেখক : ভট্টদেৱ।

প্ৰথম অসমীয়া গদ্য ৰচনা : ভট্টদেৱৰ ‘কথা গীতা’।

প্ৰথম অসমীয়া প্ৰকাশিত অভিধান : ‘অছমীয়া আৰু ইংৰাজী অভিধান’ (১৮৬৭), প্ৰণেতাঃ ডঃ মাইলছ ব্ৰনছন।
Assam TET

প্ৰথম অসমীয়া ব্যাকৰণ : ‘গ্ৰামাৰ অব্‌ আছামিজ লেংগুৱেজ’ (১৮৩৯), উইলিয়াম ৰবিনছন।

প্ৰথম অসমীয়া ছপা বুৰঞ্জী : ‘আসাম বুৰন্‌জি পুথি’ (১৮৪৪), কাশীনাথ দ্বিজ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা।

সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথি : ‘বনফুল’ (১৯৫২), যতীন্দ্ৰনাথ দুৱৰা।

সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাস : ‘ইয়াৰুইঙ্গম’ (১৯৬১), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথি : ‘মৃত্যুঞ্জয়’ (১৯৭৯), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

প্ৰথম অসমীয়া আধুনিক নাটক : ‘ৰাম-নৱমী’ (১৮৫৭), গুণাভিৰাম বৰুৱা।

প্ৰথম অসমীয়া আধুনিক জীৱনী : ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ’ (১৮৮০), গুণাভিৰাম বৰুৱা।

প্ৰথম অসমীয়া অনাতাঁৰ নাটক : ‘বীণ বৰাগী’, প্ৰফুল্ল চন্দ্ৰ বৰুৱা। এইখন নাটক ১৯৩৫ চনত আকাশবাণীৰ কলিকতা কেন্দ্ৰৰ পৰা প্ৰচাৰ হৈছিল।

প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা : ‘বনকুৱৰী’, চন্দ্ৰ কুমাৰ আগৰৱালা।

ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ : মাধৱ কন্দলি, চতুৰ্দশ শতিকাত।

অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গৱেষণা-গ্ৰন্থ  : ‘Assamese Its Formation and Development’ (১৯৪০), ডঃ বাণীকান্ত কাকতি।

প্ৰথম অসমীয়া গ্ৰন্থপঞ্জী : ‘অসমীয়া পুথিৰ তালিকা’, ১৯৩০ (Descriptive Catalogue of Assamese Manuscripts), সংকলন : হেমচন্দ্ৰ গোস্বামী।

প্ৰথম অসমীয়া গল্প সংকলন : ‘সুৰভি’ (১৯০৯), লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰথম অসমীয়া ছপা উপন্যাস : ‘লাহৰী’ (১৮৯২), পদ্মনাথ গোহাঞি বৰুৱা।

প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস : ‘ভানুমতী’ (১৮৯০),পদ্মনাথ গোহাঞি বৰুৱা।

জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস : ‘মিৰি জীয়ৰী’ (১৮৯৪), ৰজনীকান্ত বৰদলৈ।


প্ৰথম অসমীয়া অভিধান প্ৰণেতা : যাদুৰাম ডেকাবৰুৱা (১৮০১-১৮৬৯) ; তেওঁ ১৮৩৯ চনতে এখন অসমীয়া-ইংৰাজী অভিধান ৰচনা কৰিছিল যদিও অভিধান খন প্ৰকাশ নহ’ল।

ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া নাট : ‘ৰাম বিজয়’, নাট্যকাৰ : শংকৰদেৱ।

বিদেশী কাব্যৰ প্ৰথম পূৰ্ণাংগ অসমীয়া অনুবাদ : ‘ওমৰ তীৰ্থ’, (১৯২৫), যতীন্দ্ৰনথ দুৱাৰা।

অমিত্ৰাক্ষৰ ছন্দত ৰচিত প্ৰথম কাব্য : ‘অভিমন্যু বধ’ (১৮৭৫), ৰমাকান্ত চৌধুৰী।

ভাষাতত্ত্ব বিষয়ক প্ৰথম অসমীয়া : ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ গৱেষণামূলক গ্ৰন্থ চিনাকি’ (১৯১২), দেৱানন্দ ভৰালী।

অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী : ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (১৯১২), দেবেন্দ্ৰনাথ বেজবৰুৱা।

অসমীয়া ভাষাৰ বিষয়ে অসমীয়া লেখকে লিখা প্ৰথম কিতাপ : ‘A Few Remarks of Assamese Language’, আনন্দৰাম ঢেকিয়াল ফুকন।

প্ৰথম অসমীয়া শিশু উপন্যাস : ‘পাতালপুৰী’ (কুৰি শতিকাৰ প্ৰথম ভাগত প্ৰকাশিত), হৰগোবিন্দ শৰ্মা।

সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটক: ‘শকুন্তলা’, লম্বোদৰ বৰা।

ছেক্সপিয়েৰৰ প্ৰথম অনূদিত নাট : Comedy of Errors- অৰ অসমীয়া অনুবাদ ‘ভ্ৰমৰংগ’ : অনুবাদক : ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা, ৰত্নলাল বৰুৱা।

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা : মামণি ৰয়ছম গোস্বামী।

সৰস্বতী সন্মান লাভ কৰা প্ৰথম : লক্ষ্মীনন্দন বৰা, (২০০৮), ‘কায়কল্প’ উপন্যাসৰ সাহিত্যিক বাবে।

2019 TET Solved Paper (Assamese) : Download .

অসমৰ সংবাদপত্ৰ/আলোচনী প্ৰথম সংবাদপত্ৰ : ‘অৰুণোদই’ (১৮৪৬-১৮৮২)। সম্পাদক : ডঃ নাথান ব্ৰাউন।

স্বদেশী লোকৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰথম সংবাদ পত্ৰ : ‘আসাম বিলাসিনী’, (১৮৭১-১৮৮৩)।

প্ৰথম সাদিনীয়া সংবাদ পত্ৰ : ‘আসাম মিহিৰ’ (১৮৭২-৭৩)। সম্পাদক : চিদানন্দ চৌধুৰী (দাস)।

প্ৰথম দৈনিক বাতৰি কাকত : ‘দৈনিক বাতৰি’ (১৯৩৫-৩৬)। সম্পাদক : নীলমণি ফুকন।

অসম ৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকত : ‘আছাম ট্ৰিবিউন’ (১৯৪৬ – বৰ্তমানলৈকে)