-->

অসমৰ জিলা সমূহ আৰু কেতিয়া গঠন হৈছিল

অসমৰ জিলাসমূহ

ভাৰতবৰ্ষৰ জিলাৰ সংজ্ঞা হ'ল - জিলা উপায়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দ্বায়িত্ব বহন কৰা জিলা ন্যায়াধীশৰ কাৰ্যালয় সমূহ আৰু ৰাজহ সংগ্ৰহৰ দ্বায়িত্বত থকা ৰাজহ বিষয়া সকলৰ সমন্বয় ৰক্ষা কৰা। সাধাৰণতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকল জিলা উপায়ুক্ত হয় যদিও কেতিয়াবা অসম প্ৰশাসনিক সেৱাৰ বিষয়া সকলকো এই পদত নিযুক্তি দিয়া হয়। জিলা উপায়ুক্তক সহায় কৰিবলৈ যথেষ্ট সংখ্যক বিভিন্ন অতিৰিক্ত প্ৰশাসিনক বিষয়া থাকে। আইন শৃংখলা আৰু তেনে ধৰণৰ বিষয় সমূহ নিয়াৰিকৈ চলোৱাৰ দ্বায়িত্বত এজন ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এজন আৰক্ষী অধীক্ষক ৰূপে থাকে।

১. তিনিচুকীয়া, ২. ডিব্ৰুগড়, ৩. ধেমাজী, ৪. চৰাইদেও, ৫. শিৱসাগৰ, ৬. লক্ষ্মীমপুৰ, ৭. মাজুলী, ৮. যোৰহাট, ৯. বিশ্বনাথ, ১০. গোলাঘাট, ১১. কাৰ্বি আংলং পূব, ১২. শোণিতপুৰ, ১৩. নগাওঁ, ১৪. হোজাই, ১৫. কাৰ্বি আংলং পশ্চিম, ১৬. ডিমা হাচাও, ১৭. কাছাৰ, ১৮. হাইলাকান্দি, ১৯. কৰিমগঞ্জ ২০. মৰিগাওঁ, ২১. ওদালগুৰি, ২২. দৰং, ২৩. কামৰূপ মহানগৰ, ২৪. বাক্সা, ২৫. নলবাৰী, ২৬. কামৰূপ, ২৭. বৰপেটা, ২৮. চিৰাং, ২৯. বঙ্গাইগাঁও, ৩০. গোৱালপাৰা, ৩১. কোকৰাঝাৰ, ৩২. ধুবুৰী, ৩৩. দক্ষিণ শালমাৰা-মানকাচৰ, ৩৪. বজালী, ৩৫. তামুলপুৰ 
বৰ্তমান অসমত ৩৫খন জিলা আছে। ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰে। পুনৰ ২৬ জানুৱাৰী ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আৰু দুখন জিলা ক্ৰমে পূব কামৰূপ আৰু দক্ষিণ কামৰূপ ঘোষণা কৰে, যদিও পৰ্যাপ্ত প্ৰশাসনিক আন্তঃগাঁঠনি নথকাৰ বাবে ৭ অক্টোবৰ ২০১৬ তাৰিখে এক কেবিনেট সভাত সাময়িকভাৱে স্থগিত ৰখা হয়।

২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ হ’ল। ২০২০ চনৰ ৮ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪ খন হ'ল। ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে তামুলপুৰক জিলা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ হয়।

অসমৰ জিলা সমূহ কেতিয়া গঠন হৈছিল:

নগাঁও জিলা গঠন হৈছিল: 1833 চনত

লখিমপুৰ জিলা গঠন হৈছিল: 1838 চনত

শিৱসাগৰ জিলা গঠন হৈছিল: 1861 চনত

কাছাৰ জিলা গঠন হৈছিল: 1874 চনত

ডিব্ৰুগড় জিলা গঠন হৈছিল: 1971 চনত

কাৰ্বি আংলং জিলা গঠন হৈছিল: 1976 চনত

যোৰহাট জিলা গঠন হৈছিল: 1983 চনত

গোৱালপাৰা জিলা গঠন হৈছিল: 1983 চনত

কোকৰাঝাৰ জিলা গঠন হৈছিল: 1983 চনত

কৰিমগঞ্জ জিলা গঠন হৈছিল: 1983 চনত

ধুবুৰী জিলা গঠন হৈছিল: 1983 চনত

শোণিতপুৰ জিলা গঠন হৈছিল: 1983 চনত

বৰপেটা জিলা গঠন হৈছিল: 1983 চনত

দৰং জিলা গঠন হৈছিল: 1983 চনত

গোলাঘাট জিলা গঠন হৈছিল: 1987 চনত

হাইলাকান্দি জিলা গঠন হৈছিল: 1989 চনত

মৰিগাঁও জিলা গঠন হৈছিল: 1989 চনত

বঙাইগাঁও জিলা গঠন হৈছিল: 1989 চনত

ধেমাজি জিলা গঠন হৈছিল: 1989 চনত

তিনিচুকীয়া জিলা গঠন হৈছিল: 1989 চনত

কামৰূপ মহানগৰ জিলা গঠন হৈছিল: 2003 চনত

বাগছা জিলা গঠন হৈছিল: 2003 চনত

ওদালগুৰি জিলা গঠন হৈছিল: 2004 চনত

ডিমা হাছাও জিলা গঠন হৈছিল: 2010 চনত

পশ্চিম কাৰ্বি আংলং জিলা গঠন হৈছিল: 2015 চনত

হোজাই জিলা গঠন হৈছিল: 2015 চনত

চৰাইদেউ জিলা গঠন হৈছিল: 2015 চনত

মাজুলী জিলা গঠন হৈছিল: 2016 চনত

বজালী জিলা গঠন হৈছিল: 2021 চনত

তামুলপুৰ জিলা গঠন হৈছিল: 2022 চনত ।

অসমৰ ৩৫ খন জিলা হ'ল:

কোডজিলাসদৰজনসংখ্যা (২০১১)মাটিকালি (বৰ্গ কিমি)ঘনত্ব (প্ৰতি বৰ্গ কিমি)
UDওদালগুৰি#ওদালগুৰি৮৩২,৭৬৯১,৬৭৬৪৯৭
CAকাছাৰশিলচৰ১,৭৩৬,৩১৯৩,৭৮৬৩৮১
KUকামৰূপআমিনগাঁও১,৫১৭,২০২৩,১০৫৫২০
KMকামৰূপ মহানগৰগুৱাহাটী১,২৬০,৪১৯৯৫৫৮২০
KGকাৰ্বি আংলংডিফু৯৬৫,২৮০৭,৩৯৯৭৮
KJকোকৰাঝাৰ#কোকৰাঝাৰ৯৩০,৪০৪৩,১২৯২৯৭
KRকৰিমগঞ্জকৰিমগঞ্জ১,২১৭,০০২১,৮০৯৫৫৫
GGগোলাঘাটগোলাঘাট১,০৫৮,৬৭৪৩,৫০২২৭০
GPগোৱালপাৰাগোৱালপাৰা১,০০৮,৯৫৯১,৮২৪৪৫১
CHচিৰাং#কাজলগাঁও৪৮১,৮১৮১,৪৬৮৩২৮
CDচৰাইদেউসোণাৰি৯৩৯
DIডিব্ৰুগড়ডিব্ৰুগড়১,৩২৭,৭৪৮৩,৩৮১৩৪৭
DHডিমা হাছাওহাফলং২১৩,৫২৯৪,৮৯০৪৪
TIতিনিচুকীয়াতিনিচুকীয়া১,৩১৬,৯৪৮৩,৭৯০৩০৩
-তামুলপুৰ#তামুলপুৰ---
SMদক্ষিণ শালমাৰা-মানকাচৰহাটশিঙিমাৰি৫৫৫,১১৪৫৬৮৯৮০
DRদৰংমঙ্গলদৈ৯০৮,০৯০৩,৪৮১৪৩২
DUধুবুৰীধুবুৰী১,৯৪৮,৬৩২২,৮৩৮৫৭৬
DMধেমাজিধেমাজি৬৮৮,০৭৭৩,২৩৭১৭৬
NNনগাঁওনগাঁও২,৮২৬,০০৭৩,৮৩১৬০৪
NBনলবাৰীনলবাৰী৭৬৯,৯১৯২,২৫৭৫০৪
WKপশ্চিম কাৰ্বি আংলংহামৰেণ২,০০,০০০৩,০৩৫
BOবঙাইগাঁওবঙাইগাঁও২,০৬০,৫৫০১,৭২৪৪২৫
BKবাক্সা#মুছলপুৰ৯৫৩,৭৭৩২,৪০০৩৯৮
BSবিশ্বনাথবিশ্বনাথ চাৰিআলি৫,৮০,০০০৩,০০০৫৩০
BPবৰপেটাবৰপেটা১,৬৯৩,১৯০৩,২৪৫৫০৬
-বজালীপাঠশালা---
MJমাজুলীগড়মূৰ১৬৭,৩০৪৮৮০৩০০
MAমৰিগাঁওমৰিগাঁও৯৫৭,৮৫৩১,৭০৪৪৫৫
JOযোৰহাটযোৰহাট১,০৯১,২৯৫২,৮৫১৩৫৪
LAলখিমপুৰউত্তৰ লখিমপুৰ১,০৪০,৬৪৪২,২৭৭৩৯১
SVশিৱসাগৰশিৱসাগৰ১,১৫০,২৫৩২,৬৬৮৩৯৫
STশোণিতপুৰতেজপুৰ১,৯২৫,৯৭৫৫,৩২৪৩১৫
HAহাইলাকান্দিহাইলাকান্দি৬৫৯,২৬০১,৩২৭৪০৯
HJহোজাইহোজাই৯৩১,২১৮

# - চিহ্ন দিয়া জিলাকেইখন বড়োলেণ্ড স্বায়ত্ত্বশাসিত এলেকাৰ অধীনত পৰে

**Disclaimer: All these information are collected from various sources there may some changes.