-->

থোৰতে চাও আহক কি কি আছে ২০২১-২২ বৰ্ষৰ বাজেটত?

Assam Budget 2021

কোভিডত পিতৃ-মাতৃক হেৰুওৱা শিশুসকলৰ যত্নৰ বাবে ‘মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি’ৰ জৰিয়তে মাহে ৩৫০০ টকাকৈ প্ৰদান।

স্বামীহাৰা মহিলাৰ বাবে ‘মুখ্যমন্ত্ৰী ক’ভিড-১৯ বিধৱা সাহাৰ্য্য আঁচনি’। বছৰি ৫লাখতকৈ কম উপাৰ্জনৰ বিধৱা মহিলালৈ ২.৫০লাখ টকাকৈ এককালীন সাহায্য। দুয়োখন আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে ৪০ কোটি টকা।

Assam Budget

মাইক্ৰফাইনেন্স উদগনিমূলক ব্যৱস্থাঃ

ASSAM MICROFINANCE INSTITUTION (REGULATIONS OF MONEY LANDING) ACT 2020 প্ৰণয়ন। ঋণ গ্ৰহণকাৰীক সকাহৰ বাবে Finance Incentive and Relief Scheme (AMFIRS), 2021 আচনি অনুমোদন।

১লাখ নিবনুৱাক নিযুক্তিৰ প্ৰস্তাৱ ।

অৰুণোদয় আঁচনি অধীনত ২০লাখ ২১হাজাৰ ৫০০ গৰাকী হিতাধিকাৰীৰ বাবে ১৮০০কোটি টকা ধাৰ্য।

৮৩০ৰ পৰা ১০০০ টকালৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন।

৬লাখ ৩৬ হাজাৰ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত।

অসম মালা আচনিৰ অধীনত কোকৰাঝাৰৰ পৰা বাশবাৰী হৈ ৰূপচী বিমানবন্দৰলৈ ৭৪ কিঃমিঃ পথ।

ৰৌতাৰ পৰা মিছামাৰীলৈ ৫০ কিঃমিঃ দৈৰ্ঘ্যৰ পথ।

ঘাগ্ৰা বস্তীৰ পৰা গহপুৰ-ধলপুৰহৈ ২৮ কিঃমিঃ পথ।

বিজুলীবন-পেঙেৰী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ৩৮কিঃমিঃ দৈৰ্ঘ্যৰ পথ।

লখিমপুৰ-বেবেজীয়া সংযোগী নিশ্চিন্ন পথ ১ কিঃমি দলঙেৰে ঘুণাসুঁতিক সংলগ্ন কৰা হ’ব।
কুমাৰীকাটা আৰু জালাহৰ মাজত পাগলাদিয়া নদীৰ ওপৰত ১.২ কিঃমিঃ দৈৰ্ঘ্যৰ দলং
১.২৩ লাখ শিপিনীক সামৰি দক্ষতা বৃদ্ধি আৰু মান সম্পন্ন প্ৰশিক্ষণৰ ব্যৱস্থা।

ৰাজ্যৰ বাহিৰৰ সকলো অসম ভৱনত,বিমান বন্দৰত বিক্ৰীৰ কেন্দ্ৰ খোলাৰ প্ৰস্তাৱ।

১০০০ কিঃমিঃ মথাউৰি তথা পথ নিৰ্মাণৰ প্ৰস্তাৱ। ইয়াৰ বাবে ১০০০ কোটি টকা ধাৰ্য।

১০০০খন মডেল অংগনবাদী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ। মুঠ ব্যয় হব ১৩.৫০ কোটি টকা। পৰৱৰ্তী সময়ত ১০হাজাৰলৈ বৃদ্ধি পাব অংগনবাদী কেন্দ্ৰৰ সংখ্যা।

৪৮৮০৫টা অংগনবাদী কেন্দ্ৰত ১৩৬৫৬খন প্ৰাথমিক বিদ্যালয়ত বিদ্যুত সংযোগৰ ব্যৱস্থা।

ইয়াৰ বাবে আৱন্টন ১৪৬ কোটি টকা

অন্ন যোজনা আচনিৰ বাবে ৩৯০.০৮ কোটি টকা ধাৰ্য।

৮০৫খন চাহ বাগিছাৰ ২,৭৯৬৪৮টা পৰিয়ালক সামৰি খোৱা পানী টেপৰ ব্যৱস্থাৰ প্ৰস্তাৱ।

কৃত্ৰিম প্ৰজননৰ জৰিয়তে চেউৰী পোৱালি জন্মৰ ব্যৱস্থা।

ছিপাঝাৰৰ গৰুসুঁতিত ৭৭৪২০ বিঘা মাটি বেদখল মুক্ত কৰি কৃষিৰ বাবে ৯.৬০কোটি টকাৰ প্ৰস্তাৱ।

খিলঞ্জীয়া জনগোষ্ঠীৰ ঐতিহ্য সংস্কৃতিৰ সংৰক্ষণৰ বাবে ১০০কোটি টকাৰ ধাৰ্য।

দ্ৰুত প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশাসনিক প্ৰক্ৰিয়াত ত্বৰান্বিত কৰাৰ বাবে ১৮টাকৈ নতুন প্ৰকল্পৰ প্ৰস্তাৱ
চলি থকা ১৮টা প্ৰকল্প শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ প্ৰস্তাৱ।

ক্ষুদ্ৰ ব্যৱসায়ী আৰু কাৰু শিল্পীৰ বাবে ১০০০০টকাৰ এককালীন সাহাৰ্য্য।

নৱম আৰু দশম শ্ৰেণীৰ ৮লাখ ছাত্ৰ-ছাত্ৰীক স্মাৰ্ট ফোন।

১০০০টা স্বাস্থ্য উপকেন্দ্ৰক হাস্পতাললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ।

তামুলপুৰক নতুন জিলাৰূপে ঘোষণা কৰাৰ প্ৰস্তাৱ।

বিবাহযোগ্য ছোৱালীক সোণ ক্ৰয়ৰ বাবে ৫০ হাজাৰ টকাৰ সাহাৰ্য্য।

ৰাজ্যত ৫খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ।

১৬ কোটি টকাকৈ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব চিকিৎসা মহাবিদ্যালয়।

গোলাঘাট,মৰিগাওঁ,ধেমাজি,বঙাইগাওঁ,তামুলপুৰত নিৰ্মাণ হ’ব চিকিৎসা মহাবিদ্যালয়।

কাৰ্বি-আংলঙত ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ।