-->

Assam TET Preparation : চলচ্চিত্ৰ, নাটক, থিয়েটাৰ আৰু মনোৰঞ্জন

Assam TET Preparation : Assamese Films

চলচ্চিত্ৰ, নাটক, থিয়েটাৰ আৰু মনোৰঞ্জন:
১) প্ৰশ্ন : ড° ভবেন্দ্ৰ নাথ শইকীয়াই কোন খন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্য লিপিৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল?

উত্তৰ : ১৯৮৬ চনত ‘অগ্নিস্নান’ চলচ্চিত্ৰ খনৰ বাবে।

২) প্ৰশ্ন : ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰদান কৰা হৈছিল?

উত্তৰ : ‘সাগৰলৈ বহু দূৰ’ৰ বাবে বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰা হৈছিল।

৩) প্ৰশ্ন : অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী হৈছিল?

উত্তৰ : ১৯৮২ চনৰ ১৯ নৱেম্বৰত যেতিয়া দিল্লীত ‘এছিয়ান গেম্‌ছ’ অনুষ্ঠিত হৈছিল।

৪) প্ৰশ্ন : গুৱাহাটী দূৰদৰ্শনত কেতিয়া আৰু কাৰ তত্বাৱধানত প্ৰথম কুইজ প্ৰতিযোগিতা প্ৰচাৰিত হৈছিল?

উত্তৰ : প্ৰবক্তা দিলীপ কুমাৰ বৰুৱাৰ তত্বাৱধানত ১৯৮৫ চনৰ ২৮ মাৰ্চত।
Assam TET Preparation
৫) প্ৰশ্ন : কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে ‘এ’ চাৰ্টিফিকেট লাভ কৰিছিল?

উত্তৰ : মৰিচীকা।

৬) প্ৰশ্ন : অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাট খনৰ নাম কি?

উত্তৰ : হৃদয়ৰ প্ৰয়োজন।

৭) প্ৰশ্ন : কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰ্পতি পদক লাভ কৰিছিল?

উত্তৰ : নিপ বৰুৱাই।

৮) প্ৰশ্ন : অনা-অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথ অসমীয়া পৰিচালক জন কোন আৰু তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ : প্ৰমথেশ বৰুৱা, দেৱদাস।

৯) প্ৰশ্ন : প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰা ছবি নিৰ্মাতা গৰাকী কোন?

উত্তৰ : ড° ভবেন্দ্ৰ নাথ শইকীয়া।

১০) প্ৰশ্ন : ১৯৯২ চনত ড° ভূপেন হাজৰিকাই কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল?

উত্তৰ : ৰদালি।

১১) প্ৰশ্ন : ১৯৫৯ চনত ‘বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত’ অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন?

উত্তৰ : জ্ঞানদা কাকতি।

১২) প্ৰশ্ন : শেখৰ কাপুৰ নিৰ্মিত চলচ্চিত্ৰ ‘বেণ্ডিত কুইন’ত অভিনয় কৰা আৰু ১৯৯৭ চনৰ ‘ফিল্মফেয়াৰ’ চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ আত্মপ্ৰকাশ’ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন?

উত্তৰ : সীমা বিশ্বাস।

১৩) প্ৰশ্ন : ৰাজ্য খনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু ঐতিহ্যময় থিয়েটাৰ গৃহ ‘বেন-ষ্টেজ’ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰ।

১৪) প্ৰশ্ন : জ্যোতি চিত্ৰবন কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৬৮ চনত।

১৫) প্ৰশ্ন : কোন খন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল?

উত্তৰ : চামেলি মেমচাব।

১৬) প্ৰশ্ন : ১৯৪৮ চনত কোন খন ছবিত বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল?

উত্তৰ : চিৰাজ।

১৭) প্ৰশ্ন : ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?

উত্তৰ : বিজয় চৌধুৰী।

১৮) প্ৰশ্ন : ১৯৫৫ চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰ খন কি?

উত্তৰ : পিয়লি ফুকন।

১৯) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন?

উত্তৰ : প্ৰতাপ বৰুৱা।

২০) প্ৰশ্ন : নটসূৰ্য ফণী শৰ্মাই ‘জয়মতী’ চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল?

উত্তৰ : চাউদাং বৰুৱা।

২১) প্ৰশ্ন : ড° ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল?

উত্তৰ : মাহুত বন্ধুৰে।

২২) প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’টোৰ নাম কি?

উত্তৰ : জয়মতী।

২৩) প্ৰশ্ন : প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?

উত্তৰ : আইদেউ সন্দিকৈ।

২৪) প্ৰশ্ন : প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোন খন?

উত্তৰ : ইটো সিটো বহুতো।
২৫) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন?

উত্তৰ : প্ৰমথেশ বৰুৱা।

২৬) প্ৰশ্ন : জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালক কোন খন চলচ্চিত্ৰই ২০০২ চনৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে?

উত্তৰ : মণিকাৰ ৰামধেনু।

২৭) প্ৰশ্ন : প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি?

উত্তৰ : অবুজ বেদনা।

২৮) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ : জয়মতী।

২৯) প্ৰশ্ন : প্ৰথম অসমীয়া সংগীত পৰিচালিকা কোন আছিল?

উত্তৰ : মনীষা বৰুৱা।

৩০) প্ৰশ্ন : প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী জনৰ নাম কি?

উত্তৰ : প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

৩১) প্ৰশ্ন : একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পী গৰাকী কোন?

উত্তৰ : জুবিন গাৰ্গ।

৩২) প্ৰশ্ন : অসমৰ থিয়েটাৰৰ পুৰণি কালত প্ৰচলিত মূল ভেটি দুটা কি কি?

উত্তৰ : ওজাপালি আৰু পুতলা নাচ।

৩৩) প্ৰশ্ন : শংকৰদেৱে ৰচনা কৰা ভাওনা আৰু অংকীয়া নাটৰ প্ৰথম মঞ্চস্থ হোৱা নাট খন কি?

উত্তৰ : চিহ্ন যাত্ৰা।

৩৪) প্ৰশ্ন : অংকীয়া নাটৰ মুখ্য চৰিত্ৰ কি?

উত্তৰ : সূত্ৰধাৰ।

৩৫) প্ৰশ্ন : প্ৰথম অসমীয়া সামাজিক নাটক কি?

উত্তৰ : ৰাম নৱমী।

৩৬) প্ৰশ্ন : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাট খন কি?

উত্তৰ : ধৰালৈ যিদিনা নামিব সৰগ।

৩৭) প্ৰশ্ন : অসমীয়া নাটকৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?

উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ।

৩৮) প্ৰশ্ন : শংকৰদেৱৰ অংকীয়া নাটৰ প্ৰথম ৰচনা শৈলীৰ অংকীয়া নাট দুখনৰ নাম কি কি?

উত্তৰ : খুলীয়া ভাওনা আৰু খুলীয়া ভাৱৰীয়া।

৩৯) প্ৰশ্ন : গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটক খনৰ নাম কি?

উত্তৰ : ৰাম নৱমী।

৪০) প্ৰশ্ন : সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আছিল?

উত্তৰ : লম্বোদৰ বৰা ; নাট: শকুন্তলা।

৪১) প্ৰশ্ন : কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্ৰথমে অসমীয়া একক অংকীয়া নাট মঞ্চস্থ কৰিছিল?

উত্তৰ : হেমন্ত মিশ্ৰ, আমেৰিকাত।

৪২) প্ৰশ্ন : কোন গৰাকী ব্যক্তিয়ে ‘লেডি ডায়েনা’ নাটৰ নাট্যৰুপ দিছিল?

উত্তৰ : সেৱাব্ৰত বৰুৱা।

৪৩) প্ৰশ্ন : অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমান নাট্যদল কোনটো?

উত্তৰ : নটৰাজ থিয়েটাৰ।

৪৪) প্ৰশ্ন : ১৯৫৪ চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটে শ্ৰেষ্ঠ লোক নাটৰ সন্মান লাভ কৰে?

উত্তৰ : শোণিত কুঁৱৰী।

৪৫) প্ৰশ্ন : অসমত নতুন পৰিচয়সহ গঠিত হোৱা প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ খনৰ নাম কি?

উত্তৰ : নটৰাজ থিয়েটাৰ, ১৯৬৩-৬৪।

৪৬) প্ৰশ্ন : কোনজন অসমীয়া নাট্যকাৰে ‘টাইটানিক’ নামৰ ইংৰাজী কথাছবি খনৰ নাট্যৰুপ দিয়াৰ লগতে নাটখন পৰিচালনাও কৰিছিল?

উত্তৰ : হেমন্ত দত্ত।

৪৭) প্ৰশ্ন : তেওঁ এজন বিশিষ্ট নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক। তেওঁ ১৯২৯ চনত নৱম শ্ৰেণীত পঢ়ি থাকোতেই ‘একলব্য’ নামৰ প্ৰথমখন নাট ৰচনা কৰিছিল। এই গৰাকী ব্যক্তিৰ নাম কি?

উত্তৰ : শ্ৰী লক্ষ্যধৰ চৌধুৰী।

৪৮) প্ৰশ্ন : ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত থিয়েটাৰ মঞ্চ আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটীৰ পানবজাৰত এটি সংস্থা গঠন হয়। এই সংস্থাটোৰ নাম কি?

উত্তৰ : আৰ্য নাট্য মঞ্চ।

৪৯) অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ উপাধিৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে?

উত্তৰঃ অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ উপাধিৰে জ্যোতিপ্ৰসাদ আগৰৱালাক বিভূষিত কৰা হৈছে।

৫০) জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটকখনৰ নাম কি?  

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটকখনৰ নাম হ'ল 'শোণিত কুঁৱৰী'।